অৰুণ কিৰণ শিৰৰ ভূষণ

অৰুণ কিৰণ শিৰৰ ভূষণ
গলে হিমৰ ঢল,
পুৱাৰ সূৰুযে চুমা খোৱা দেশ
আমাৰ অৰুণাচল।

কামেং চিয়াং লোহিত আৰু
টিৰাপ সোৱণশিৰী
চিৰ জ্যোতিৰ কুসুম ৰূপে
শোভে হিমগিৰি ।

পঞ্চ ফুলৰ থোপা সাজি
আনন্দ উচ্ছল
পুৱাৰ সূৰুযে চুমা খোৱা দেশ
আমাৰ অৰুণাচল।

ৰচনা কাল : ১৯৭২

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top