অʼ ভাৰতৰে পঁজা ঘৰত


অʼ ভাৰতৰে পঁজা ঘৰত
নৈৰ পাৰত
সোণ পথাৰত
বাজক সুখৰ বাঁহী
বাজক সুখৰ বাঁহী।

পঞ্চনদী গোদাবৰী
মহানদী আৰু কাবেৰীৰ
সোঁতত উঠক ভাঁহি
পৃথিৱী ঘূৰি
বহু ফুৰি,
এই ভাৰতৰ চৰণ চুমিম
জনম জনম আহি।

দূৰৈৰ আজান
বাউলৰ গান
মিঠা কলতান
মৃদু তাল-মান
বাজক আকাশ ছানি,
কঁহুৱা বনৰ
কোমল মনৰ
লুইত পাৰৰে বগলীৰে
বগা পাখিত লাগি।।

ৰচনা কাল : ১৯৮৪

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top