অʼ কুলিটি কি গাইছাঁ

অʼ কুলিটি

কি গাইছাঁ
পিয়া পিয়া পিয়া নহয়

হিয়া দিয়া নিয়া।


কৌটিকালৰ বনানি অপাৰ
নিজৰাৰ কঁপনি হেজাৰ
আই ঐ, তুমি মোৰ নে কাবোবাৰ
কথা দিলোঁ, সদায় তোমাৰ;
এই আশাতে, আনন্দতে
কিবা হয় ভুল
মদাৰ গছত যেন, এজাৰৰে ফুল।


আগুৱাওঁ অহোৰাত্ৰি
অনন্ত সুৰৰে যাত্ৰী
নাহে যেন দুখ-ৰাত্ৰি
হওঁক নিতে ন-সৃষ্টি
তুমি গাই যোৱাঁ
গীত মই লিখোঁ
মিঠা কবিতা
সেউজৰে সৰক সোণালী সবিতা।

ৰচনা কাল :- ১৯৯৪
 

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top