ৰমজানৰে ৰোজা গʼল ওলাল ঈদৰ জোন

ৰমজানৰে ৰোজা গʼল ওলাল ঈদৰ জোন
চেনেহৰে মেহফিলতে বহে আজি কোন?
আজি ঈদ মজলিছতে একেলগে বহিছে
আজি ঈদ মজলিছতে ৰহিম চাচাও বহিছে
আজি ঈদ মজলিছতে শ্ৰীৰাম কুমাৰো বহিছে
আজি ঈদ মজলিছতে ফাতেমা পেহী বহিছে
আজি ঈদ মজলিছতে তৈয়ব মোমাইটি বহিছে
আজি ঈদ মজলিছতে জেকব খুৰাও বহিছে
ইনছানিয়ত লৈ মেহফিলত আমিও বহোঁচোন।
আমাৰ গাঁৱৰ আতাজানে পুৰণি কথা জানে
চমৰখন্দ বোখাৰাৰ ওমৰ খৈয়ামক জানে
শ্বাহেনশ্বাহ আকবৰৰ উদাৰতাও জানে
মোগল-ৰাজপুত মিলি ছবি আঁকাৰ কিচ্চা জানে
টিপ চিৰাজউদ্দৌল্লাৰ আজাদীৰ লড়াই জানে
গান্ধীজীৰ বুকু ভেটা গুলিৰ কথাও জানে
দুনিয়াৰ নাতি জৱাহৰ চাচাকো জানে
আজি ভাৰততে মুহব্বতৰ আমি সিচোঁ সোণ।
আজি কিয় অসমীৰে কথা মনত পৰিছে
আমাৰ হাজোত মক্কাৰ দৰে পোৱামক্কাও সাজিছে
কাষতে মাধৱৰে মন্দিৰো বিৰাজ কৰিছে
ৰাম ৰহিমে ঘাম মচি এটা জাতি গঢ়িছে
শঙ্কৰে ইছলামকো সন্মান যাচিছে
আজানে জিকিৰ ৰচি ভাষা চহকী কৰিছে
ভকতক ফকীৰে চেলাম গীতেৰে জনাইছে
দিলোৱাৰ দোসায়ে শ্ৰীহস্তী পুথি আঁকিছে
লক্ষীধৰে ছিৰাজ কাকাৰ গুণ বখানিছে
জ্ঞান বিলাই মফিজেও জ্ঞানমালিনী ৰচিছে
কোৰাণ গীতাই ইন্‌চানকে ইন্‌চান হʼব কৈছে
ফৰমুদ আলি বাউল হৈ মুক্তিৰ গীত ৰচিছে
বাহাদুৰ গাওঁবুঢ়াই জান দি মণিৰামক সেৱিছে
এই বেহ্‌তৰিণ দোস্তি ভাঙে সেই দুচমন কোন?
মজলিছৰে ডেকা বুঢ়াই কাৰ কাৱালী শুনিছে
এই কাৱালে মেহফিলকে সুকুৰ আদা কৰিছে
ভূপেন্দ্ৰ কাৱালে মজলিছৰে ইজাজত বিচাৰিছে
আজিৰ দিনত দায় নধৰি বিচাৰিবা গুণ।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top