ৰমকে জমকে আছিল মোৰ অসমী

ৰমকে জমকে আছিল মোৰ অসমী
সোণৰ কপৌফুলে পিন্ধি
সিংখাপ পিন্ধিলৈ জেতুকাৰ বোলেৰে
হাত ৰঙচুৱা কৰি। — কিনো দিন পৰিলে আজি!
কʼলৈ গʼল ৰংচং কʼতনো সিংখাপ
গলৰ শিলিখাৰে মণি;
বদন, পূৰ্ণানন্দে শতৰু শালিলে
মানৰূপ অসুৰক আনি।
কিনো দিন পৰিলে আজি!
আমাৰে মজিয়াত শগুন বপুৰাই
খায় মৰা শ টানি
জয়াৰে দʼলতে ফেঁচাই কুৰুলিয়ায়
অসমৰ যাতনা দেখি।
কিনো দিন পৰিলে আজি!
কোম্পানী আহিলে মুখত হাঁহিলৈ
এখন্তেক বহোঁ দেই বুলি
বহিব পাই তেওঁ বৰ ঘৰ সোমালে
শেলেৰে বুকুতে হানি।
কিনো দিন পৰিলে আজি!
স্বাধীন অসমীৰ ডিঙিতে আঁৰিলে
লোহাৰ শিকলিৰে মণি
কোন কʼত আছা অসমীৰ বুকুতে
মোকলাই আনাহি ভাঙি।
পানী টোপা টোপে পৰে মোৰ চকুলো
বুকুত তুঁহে জুই জ্বলি
তুঁহ জুইকুৰা তেজেৰে জ্বলোৱা
অসমীৰ উঠিব হাঁহি।– কিনো দিন পৰিলে আজি!

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top