সেন্দুৰ সেন্দুৰ প্ৰভাতী সুৰুয

সেন্দুৰ সেন্দুৰ প্ৰভাতী সুৰুয
মোৰ গালে মুখে পৰিছে
পাহৰণিৰ কুঁৱলী ফালি
সোঁৱৰণি যেন আহিছে।
মনত পৰিছে যেন অস্ত বেলিৰ
বিদায় সনা চাৱনি
লগে লগে যেন দেখিছোঁ পুনৰ
লৱণু কোমল মুখনি
মন পথাৰৰ সেউজ শইচত
মলয়াৰ মৃদু নাচোন
মনত পৰিছে যেন ডেকা গাভৰুৰ
চেনেহী সাজোন কাচোন
গাওঁ ধুনীয়া সেউজ সুৰীয়া
ৰূপৰ মহিমা নাই
পিছে মন লাগে আৰু শ্ৰম লাগে
সজাবলৈ এই ঠাই।
গাওঁলৈ কত মানুহ আহে
আহি মৰহি যায়
সেইহে গাঁৱৰ জকাটো থাকে
মৃত্যুৰ মুখলৈ চাই।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top