শৰতৰ শেৱালিৰ নতুন নিয়ৰে

শৰতৰ শেৱালিৰ নতুন নিয়ৰে
শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে,
শুকুলা ডাৱৰৰ পতাকা উৰুৱাই
মুকুতিৰ গীত গায় শৰালি জাকে।।
নিয়ৰ বিন্দু হʼল জীৱন দাপোন
তাতেই দেখোঁ মই আশাৰ সপোন।
ক্ষুদ্ৰতে বিশালক যদি বিচাৰাঁ
দেখিবা বিন্দুতে সিন্ধু থাকে।।
শৰতৰ সৰাপাত কিয় বুটলিম?
ৰিক্ত ৰিক্ত মন কিয় আদৰিম?
বন্ধ বন্ধ সীমা কিমান সহিম?
মুগ্ধ মুগ্ধ মই আকাশ দেখি
স্নিগ্ধ স্নিগ্ধ ফুল, মনেৰে লেখি
মুক্ত মুক্ত কঁহুৱাৰ নাচোনে
হহুঁৱায় নিৰাশাৰ ফাঁকে ফাঁকে।।
 

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top