শ্যামকানু  সত্যৰ মৰণ নাই

শ্যামকানু  সত্যৰ মৰণ নাই
সাধিলে হেৰোৱা বস্তু, হাততে যে পায়।
(ঐ ৰাম) স্ত্ৰীৰ বাবে স্বামীৰ চৰণ পূত পুণ্য ঠাই
মাতৃৰ বুকু ভৰে যেবে পুত্ৰই বোলে ‘আই’।
( ঐ ৰাম ) বন্য জন্তু শান্ত নহয়, সংযম হেৰায়
মানুহ ৰূপে বন্য হʼলে শোভা যে নেপায়।
অগ্নিযুগৰ ফিৰিঙতি তই
গʼলিগৈ অগনি জ্বলাই
কালিৰ শিশুৰ বাবে তোৰেই আজিক
সঁপিলি শোণিত বোৱাই।
ভৱিষ্য পুৰুষৰ বিপ্লৱী মন
জোকাৰি জোকাৰি যায়
শোষণকাৰীৰ গুলি লথিয়াই
শ্বহীদ আজি আগুৱায়।
 

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top