মোক এনে এখন সৰগ দিয়া
যি ধৰাত জিলিকি পৰে,
এনে এটি পৰিবেশ দিয়াঁ
হিয়া যʼত শাঁত পৰে।।
প্ৰচণ্ড বেলিৰ তাপ থকা
সন্মুখত অনন্ত পথ
এজুপি আশাৰ বৃক্ষৰ ছাঁত
ক্ষণিক ৰখাওঁ মোৰ ৰথ
যাতে জীৱন ভৰে ৰসেৰে।।
বেদুইন জীৱনৰ মৰু-প্ৰান্তত
কণ্ঠ আজি তৃষ্ণাৰ্ত
শ্যামলী বন নীলা সৰসীত
পাইছোঁ বুজি যেন অৰ্থ — আজি কিয় অশ্ৰু সৰে?
মোক এনে এখন ৱেছিছ দিয়া
যি স্তব্ধ পৰাণ জুৰ কৰে
এনে এটি পৰিৱেশ দিয়া — হিয়া যʼত শাঁত পৰে।।
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨