মেঘে গিৰ্ গিৰ্ কৰে

মেঘে গিৰ্ গিৰ্  কৰে
আ-হা হিৰ্ হিৰ্ মেঘে কৰে
  বা লাগি আগলতি
    কলাপাত লৰে
 এজাক যেন বৰষুণ
আহোঁ আহোঁ কৰে।।

  বহু দিনে ছন পৰা
 মোৰ গাঁৱৰ মাটিডৰা  
চহ কৰি সেউজ কৰিম
  আনন্দে নধৰে।।
 
 ধান নিদিওঁ ঋণো নলওঁ
   সুদ নিদিওঁ আৰু ।
মহাজনৰ নিঠুৰ বুধি
সহোঁ কেলেই বাৰু?
বহুতো যে ঘাম সৰালোঁ
তেজো বুকুৰ বহু দিলোঁ
কাঁচিখনত শান দিলোঁ
সাহস ভৰি পৰে।

ৰচনা কাল : ১৯৮২

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top