বিক্ষুব্ধ বিশ্ব কণ্ঠই অহোৰাত্ৰি চিঞৰে

বিক্ষুব্ধ বিশ্ব কণ্ঠই অহোৰাত্ৰি চিঞৰে, চিঞৰে
প্ৰচণ্ড অগ্নিপিণ্ড; জ্বালাময়ী হৈ উৰে
কিয় উৰে?

পৃথিৱীতো নহয় প্ৰলয়ৰ আকাংক্ষী
গণ-মানস নহয় ধ্বংসৰ প্ৰয়াসী
তথাপিতো শিখা উৰে
প্ৰচণ্ড অগ্নিপিণ্ড জ্বালাময়ী হৈ উৰে
কিয় উৰে?

অমিত সংকল্প
প্ৰতিৰোধৰ পদাঘাতে,
পাশৱিকতাৰ দম্ভৰ
অকাল মৃত্যু মাতে।
সুদূৰ প্ৰসাৰী, মানৱ সভ্যতাই
প্ৰতি মানৱৰ আগ্নেয়গিৰি আত্মাই
নৱ বিপ্লৱ নিতে গঢ়ে।
প্ৰচণ্ড অগ্নিপিণ্ড জ্বালাময়ী হৈ উৰে
সেয়ে উৰে।।

ৰচনা কাল : ১৯৬৯

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top