দিহিঙে-দিপাঙে

দিহিঙে-দিপাঙে
আজীৱন ঘূৰিলোঁ
জীৱনৰ টোকাৰী বাই।
শতিকা-শেষত
থমকি চাওঁ যে
মৰণৰ তোৰণ নাই।

জীৱন গলিল
মৰণ গলিল
কোন যে কাহানি যায়,
দেহতত্বৰো তত্ব লুকাল
মানুহে মানুহক খায়।

নতুন শতিকা আহিলেই দেখোঁ
আৰুতো অধিক পৰ নাই,
অনীতিৰ সাগৰত দেশখন বুৰিছে
ধৰিবৰ তৃণ-কুটা নাই।
মোৰ অসমী
মানুহে মানুহক খায়
মৰণৰ তোৰণ নাই।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top