তেৰশ চৌৱন্নৰ মাঘৰে

তেৰশ চৌৱন্নৰ মাঘৰে মাহতে
ষোল্লৰে বিয়লি বেলা
পৃথিৱীৰ শিৰতে ব্ৰজপাত পৰিলে
বাপুজী কʼলৈনো গʼলাঁ ?
এন্ধাৰৰ মাজেদি জোঁৰ লৈ আহিলাঁ
অশেষ যাতনা ভেদি
মৰমৰ হাঁহিৰে হেংদান ভাঙিলাঁ
অসত্যক কেনিবা খেদি।।
পৃথিৱীখনিয়ে হিংসাৰ তেজেৰে
যেতিয়া ৰাঙলী হʼল
অহিংসাৰ বাণীৰে ধুৱালা-পখালা
শতৰু বিস্ময় গʼল।।
অকলে অকলে কৰ্তব্য পালিলাঁ
নাশিলাঁ পুৰণি প্ৰথা।
নামেৰে প্ৰণামি জগতক বিলালাঁ
আল্লা ৰাম একেটি কথা।।
ধূলিৰো তলৰে ধূলিও মাকতিক
লগালাঁ আলফুল হাত।
হৰিজন দলিতক সাবটি ধৰিলাঁ
স্বাৰ্থও পৰিলে শাঁত।।
সোতৰ মাঘতে আকাশত উৰিলে
চন্দন কাঠৰে ধোঁৱা।
ধোঁৱাকে সাবটি ফেকুৰি ফেকুৰি
বতাহে কান্দিছে চোৱাঁ
বাপুজী কʼলৈনো গʼলাঁ?
 

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top