তুমি নতুন পুৰুষ

তুমি নতুন পুৰুষ
তুমি নতুন নাৰী
অনাগত দিনৰ
জাগ্ৰত প্রহৰী!
কেঁচা জীৱন সোঁতক
সিঞ্চন কৰি
সজাবা সমাজ নিজ হাতেৰে গঢ়ি।
এন্ধাৰ গলিত আলোক বৰষাৰ
ঢালিবা তুমি উচ্ছল বাৰি।।
মৃত্যুঞ্জয়ী তুমি
কৰিবা দমন
শোষকৰ দংশন
নোহে চিৰন্তন।
সঙ্কল্প তোমাৰ
হ’বই সফল
দুৰ্ব্বাৰ সাহসৰে পথ উজ্জ্বল।।
তুমি নৱ সপোন,
নৱ অঙ্গীকাৰ
তুমি নৱ সংগ্রাম
শত শত ঝংকাৰ।
বিপদৰ প্রস্তৰ বিচূৰ্ণ কৰি
সজাবা নতুন পথ হাতেৰে গঢ়ি।
বজাবা তুমি আশাৰ গগনা
নোপোৱাৰ হাহাকাৰ নোহোৱা কৰি।।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top