জেঠৰে তেৰৰে বুধৰ দুপৰীয়া

জেঠৰে তেৰৰে বুধৰ দুপৰীয়া
তেৰশ এসত্তৰ চন।
বাতৰি আহিলে জৱাহৰ নাই
অবিশ্বাস কৰিবৰ মন।।

চন্দন কাঠৰে শিখা বাই বাই
যিদিনা জৱাহৰ গʼল।
জৱাহৰৰ মানৱী দেহা নেপাইহে
আমাৰো বিশ্বাস হʼল।।

জৱাহৰ নোহোৱা হʼবনো পাৰেণে
এনুৱা কথা যে ফাঁকি।
সিদিনা জৱাহৰে নিজেই নকৈছিলে
জীৱন কাল বহুতো বাকী।।

ভাৰতী আয়ে দঢ়াই নকৈছিলে
অকণমান জিৰণি লোৱাঁ
তুমি নুশুনিলাঁ অশান্ত জৱাহৰ
জিৰণিহে আঁতৰাই থোৱাঁ।।

মৰম মুকুট পিন্ধাই অভিষেক পাতিলোঁ
আজীৱন মন্ত্ৰণা দিলাঁ।
আমাৰে কাৰণেই নিজ সুখ নেওচি
নিজে শৰশয্যাত শুলাঁ।।

বাঘে ছাগলীয়ে একেটি ঘাটতে
পানী যাতে পিব পাৰে।
তেনে পৃথিৱীৰে মূৰতি গঢ়ি লৈ
বুজালাঁ মহিমা তাৰে।।

দুটি মʼহৰ যুঁজত খাগৰিৰ মৰণ হয়
খাগৰিৰ কাষলৈ গʼলাঁ
দুটি মʼহৰ মাজৰে মানুহ-খাগৰিৰ
তুমিহে সাৰথি হʼলাঁ।

ৰণ মতলীয়া বলিয়া মʼহৰো
শিঙতে ধৰিলাঁ তুমি।
মহিষাসুৰকো চিঞৰি কʼলাগৈ
পৃথিৱী শান্তি ভূমি।।

সমাজৰ ধন-ধান সৰু-বৰ সবাকে
সমানে ভগাওঁ বুলি
প্ৰতিজ্ঞা কৰোঁতেই লৈ গʼল কʼৰবাৰ
ঈশ্বৰে কোলালৈ তুলি।।

দৰ্শন-প্ৰয়াগত তুমি স্নান কৰিলাঁ
আমালৈ ছটিয়ালাঁ পানী।
বুকু ডাঠে কৰি তোমক কথা দিলোঁ
আগুৱাম তোমাকে মানি।।

ৰঙাকৈ গোলাপৰ কলি হীৰালালে,
কাৰ বুকুত সজায়ে দিব।
পৃথিৱীৰ বিবেক অসহায় হʼলেই
কাৰপিনে লৱৰি যাৱ।।

এতিয়া কৰোঁ কি,
কান্দো নে হাঁহো
নে মূৰৰ চুলি ছিঙি মৰোঁ
নে অৰ্ধশতিকাৰ জৱাহৰ যুগটোক
চিৰযুগমীয়া কৰোঁ।

ৰচনা কাল : ১৯৬৪

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top