জীৱন ঘড়ীৰ প্ৰতিটো পল
যেন গলি গলি গʼল
নিঃসঙ্গতা পৰুৱা এটি
মাথোঁ তাতে পৰি ৰʼল।।
তেজত আজি ৰক্ত কণিকা
কিয় জানো কমি গʼল !
দংশনৰত বীজাণুৰ দল
মোৰ যে লগৰী হʼল।
বিলম্বিত লয়, শূন্যতা ভৰা সুৰ
সোঁৱৰণী সমলয় হাঁহাকাৰেৰে পূৰ ।
দিনবোৰ যেন সাগৰ পাৰৰ
অঘৰী চৰাই হʼল
অন্ধকাৰৰ দিগ্বলয়ত
পোহৰ হেৰাই গʼল।।
ৰচনা কাল : ১৯৭৫
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨