জিকমিক দেৱালীৰ বন্তী জ্বলে
এন্ধাৰত কান্দে কোনে অকলে অকলে
ওচৰা-ওচৰি দুটি ঘৰ।
এটি পঁজা আনটো ৰজা ঘৰ
ৰজাঘৰে হাঁহে, মাথোন পঁজাটিত বন্তি নজ্বলে!
পঁজাটিত এটি আছে মাটিৰে চাকি
শলিতাও জ্বলি গ’ল নাই আৰু বাকী
বৰ বৰ আলাসৰ লাৰুৱে হাঁহে
পঁজাটিত পোনাটিৰ টোপনি নাহে
দুখুনীয়ে নিচুকনি গায় লাহে লাহে
বন্তি আজিও নজ্বলে।
বৰ ঘৰ চোতালত হিলৈ ফুটে
ধমধাম শৱদৰ জাউৰি উঠে
দেখি তাক পঁজাটিয়ে চকুলো টোকে
এন্ধাৰত অকলে অকলে–
কাইলৈ আহিব দোকমোকালি
আনি দিব পঁজাটিত ৰঙা ৰাঙলী
আনি দিব হেৰোৱা দিনৰ ধেমালি
পঁজাটিয়ে নাকান্দে অকলে
দেখিবা তাতো য়ে বন্তি জ্বলে।
ৰচনা কাল : ১৯৫৫
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨