চৰাইপুঙৰ কপৌ চৰাই
জাকে জাকে উৰে।
নতুন নতুন মনৰ মানুহ
নতুন ৰূপ ধৰে।
জিগিজা গিজাও জিগিজা গিজাও
ৰঙা জবা ফুল
কেঁচা তেজ বিচাৰি কোন বিয়াকুল।।
দুই মʼহৰ যুঁজত আজি
বিৰিণা বন মৰে
এই বিৰিণাৰ কান্দোনক
কোনে উলাই কৰে?
সেউজ পথাৰত সেউজ সেউজ
সোণ পৰি ৰʼয়
মনৰ মাজত অবুজ সেউজ
প্ৰেমৰ খেতি হয় —
আকাশ সীমাৰ ন-শান্তিৰ
প্ৰতিজ্ঞা সোণালী
জোন সুৰুযৰ আৰতি হয়
পুৱা গধুলি।।
ৰচনা কাল : ১৯৯১
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨