কি কৰোঁ, কি কৰোঁ উপায়
কোৱা বাৰু কি উপায়
ভালপোৱা নিষ্ঠুৰ দানৱ
ধৰেহি সদায় বান্ধ
মই নিৰুপায়।
বৰ পোৰণি আছে বান্ধ, ফেঁটী সাপৰ বিষত
তাৰো অধিক কষ্ট বান্ধ ৰমণীৰে ৰূপত
প্ৰিয়াৰ বাহুলতাৰ অগনি দেখোঁ নুনুমায়।
প্ৰেমজ্বৰ সান্নিপাতৰ নাই কবিৰাজটি
পলাবলৈ গৈ খাওঁ বাৰে বাৰে উজুটি।
শিকলিৰে বান্ধা বান্ধ মন বʼহাগৰ কুলি
মন ৰমণীক মন নিদিলে যাব বান্ধোন খুলি ।
প্ৰিয়াৰ কাজল চকুৰ চাৱনি ধমনীত সোমায়
কি কৰোঁ, কি কৰোঁ উপায়
কোৱা কৰোঁ কি উপায়?
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨