এটুকুৰা আলসুৱা মেঘ ভাঁহি যায়

এটুকুৰা আলসুৱা মেঘ ভাঁহি যায়
মোৰ বনহংসই বাট হেৰুৱায়।
মই আছোঁ শাৰদীয় খিৰিকীমুখত
বুকুৱে বিচৰাজনলৈ বাট চাই।।

বিজুলী চাকিৰ সৌ তাঁৰবোৰতে
নিয়ৰে ওলমি কিবা কথা পাতে
বিশেষ বিন্দুত অঁকা এখনি মুখে
এমুঠি অনুৰাগ দিছে ছটিয়ায় ।

মই এক যক্ষ মহানগৰীৰ
মিছলীয়া মৰমত কাৰাৰুদ্ধ
সোঁৱৰণী শ্রাৱণতে আৱদ্ধ।


নিয়ন চাকিয়ে আজি চকু টিপিয়ায়
শৰৎ সন্ধ্যা মহানগৰী সজায়।
মাদকতা সানি আজি লিখিছোঁ চিঠি
চঞ্চল মেঘে যেন তাকে কঢ়িয়ায়।


 

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top