এটি মনৰ দুটি মানুহ

এটি মনৰ দুটি মানুহ
মৰমী সৰগ ৰচে,
সৰগী মৰতত
এই প্ৰিয়জনে
আৱেগৰ নাচোন নাচে
মৰমী সৰগ ৰচে।।

তেনেকে নেচাবা বুকু দহি যায়,
অʼ তেনেকে নেচাবা বুকু দহি যায়
মৰমৰ ৰিহাখন

লাজতে খহি যায়।
তপত বতাহে জীৱন-জোকাৰে
ৰঙেৰে, সাজোন কাচোনে।
মৰমী সৰগ ৰচে।।

প্ৰিয়জন প্ৰিয়জন, অতিকে আপোন
চিৰদিন কাষতে, থাকেনে প্ৰিয়জন
সপোনে দিঠকে, মৰণে জীৱনে
সেন্দুৰী আলিটিৰ বাটেৰে
মৰমী সৰগ ৰচে।
দুয়ো : এটি মনৰ —–।।

ৰচনা কাল : ১৯৯৩

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top