এʼ নৰ মনিচ, যাবই লাগিব তই

এʼ নৰ মনিচ

যাবই লাগিব তই
চকুলো মচি লৈ

সবাৰো ভৰসা এৰি  এʼ নৰ মনিচ!
সোণৰ জটাখাৰুত মামৰে ধৰিলে
মামৰৰ বেচতো কেৱেচোন নলʼলে
ফুৰিলে কি হʼব ঘূৰিহে নৰ মনিচ?

দোকানী চিনিবি

পোহাৰী চিনিবি
চিনিবি চেনেহ লগৰী
অʼ যিজন কিনোতাই

মানুহক চিনিব

সংসাৰৰ হাট যায় সাৰি এ’ নৰ মনিচ।
হাবিয়াসনো কৰি তই ঐ

মজিয়ানো মচিলি অʼ
চিকণকৈনো বাটিতে ঐ
অমৃতনো সজালি অʼ
আনন্দৰে পীৰাখন পাৰি।

বৰেঘৰে মজিয়াতে অʼ
নিগনিনো বগালে
অমৃতৰ বাটিতে ঐ
বিহেনো উপচিলে অʼ
পীৰাখন যে নিলে হৰি।
মিছা সাগৰতে তই বুৰে মাৰিলি
সাঁতুৰি-নাদুৰি ভাগৰো লগালি
মুকুতাৰ আশাকে কৰি এʼ নৰ মনিচ।

সাগৰত মুকুতাৰ চিনো নাই চাবো নাই
ভাগৰত পিবলৈ পানী নাই দুনি নাই
আছে মায়াজালৰ জৰী এʼ নৰ মনিচ।।
 

ৰচনা কাল : ১৯৫৭

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top