এʼ জীৱন নদীৰ কতনা মোহনা
কোনটো দিশেনো ঘাট
এʼ কʼতেনো পামগৈ মৰমেৰে ভৰা
এষাৰি আপোন মাতে, মোৰ বান্ধ ঐ
চিনাই নিদিয়ানে বাট?
সঁচা সোণৰ মৰম যাচি যাচি পালোঁ
শোকেৰে জীৱনটো জোৰা
কাঁচৰে মোলতে সোণবোৰ বিকিলোঁ
কিনো কপালখনে পোৰা।
বেহা হেৰুৱালোঁ ভুৱা হাট বেহালোঁ
চিনাই নিদিয়ানে বাট?
”এমন ৰসেৰ নদীতে সই গো
ডুব দিলাম না;
নদীৰ কূলে কূলে
ঘূৰে বেড়াই কূলে কূলে
পাইনা ঘাটেৰ ঠিকনা।”
আলহীঘৰটি জিৰণীয়া ঘৰে
দুদিণীয়া ক্ষণিকৰ
সিও যে হয়গৈ আপোনাৰে ঘৰে
ওৰেটি জীৱনৰ।
চেনেহ ঢালি ঢালি লʼলোঁ আঁকোৱালি
হিয়াখন পৰি যায় শাঁত
চিনাই নিদিয়ানে বাট?
”নিত্য ঘাটে স্নান কৰিতাম
জমেৰ ছায়ায় ছুই গʼ
দেখতাম না ঘৰ,
জলে নামি নামি
নামি বʼলে নামি নামি
পৰাণ ভয়ে নামিনা সইগো
ডুব দিলাম না।”
চনকা মনটি বৰ আদৰুৱা
ঠুনুকাই ঠুনুকাই ভাগে
অচিন ভাবৰে নিঠৰুৱা জীৱ
ঘনে ঘনে আউল লাগে।
নিশাৰে সপোনটি নুবুজা মায়া যেন
নেপাওঁ দেখোঁ তাৰে আঁত
চিনাই নিদিয়ানে বাট?
ৰচনা কাল : ১৯৭৬
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨