আমাৰে ভনটি শুব এʼ
সপোনৰ দেশলৈ যাব এʼ
শুকুলা ৰঙৰে মিঠাকৈ সপোনক
দিঠকৰ ৰূপকে দিব।
আমাৰে ভন্টি মহিলা হʼব
আৰোগ্য নিকেতন গঢ়িব
বিজ্ঞানেৰে ৰুগীয়াজনকে
সুঠাম তেজাল কৰিব এʼ
জীৱন মধুৰ হʼব।।
শুকুলা চিকুণ বৰকৈ ঘৰটিত
শুকুলা খটেখটী
শাৰী শাৰী আছে শুকুলা শয্যা
ইমান পৰিপাটি !
কতনা ৰোগীয়ে বাট চাই আছে
কেতিয়া আহিব আমাৰে ভন্টি?
নিৰাশ ৰোগীকে অমৃত দিবহি
দিবহি দৰব-জাতি
জীৱনৰ পদুম ফুলিব।।
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨