আনৰ কাৰণে জীৱন-শলিতা

(আনক আনন্দ দিওতে
বহু শিল্পীয়ে নিজক
তিল তিলকৈ মাৰে
তাৰ উল্লেখ জানো মোৰ গীতত নেথাকিব ।)
আনৰ কাৰণে
জীৱন-শলিতা
কিমান জ্বলাবা আৰু
আৰু কিমান বাকী আছে ?

আনৰ কাৰণে
কলিজাৰ তেজ
কিমান ঢালিবা আৰু
আৰু কিমান বাকী আছে?

নিজৰ কাৰণে ভাবিবলৈ আহৰি
নাই নাই নাই তোমাৰ
সোঁৱৰালোঁ শতবাৰ।

প্ৰতি ঊষা শোণিতেৰে
কত পট আঁকা
সেই পটে তোমাকেই নিঃশেষ কৰি নাচে।
আনৰ কাৰণে কলিজাৰ ৰং
কিমান ঢালিবা আৰু
আৰু কিমান বাকী আছে?

ৰচনা কাল : ১৯৬৯

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top