অʼ সুৰ খেলিমেলি হʼল

অʼ সুৰ খেলিমেলি হʼল
গৰখীয়া কেনি গʼল?
অʼ গৰখীয়া কেনি গʼল?

উদং পথাৰ উদং মনৰ
গৰখীয়া কেনি গʼল ?
উদং কৰা মনৰে মৰম
বুকুতে বাজি ৰʼল
গৰখীয়া কেনি গʼল?

অʼ গৰখীয়া কেনি গʼল

ল-ল-ল-ল-ল-ল-লহ্‌
তিহিটি তিহিটি
তিনিটি আঙুলি লৰা
অʼ তিনিটি আঙুলি লৰা

কোনে হৰি নিলে
মোহিনী ডেকাটো
সকলোৰে মন হৰা
অʼ সুৰ খেলিমেলি হʼল
অʼ গৰখীয়া কেনি গʼল ?

উদং সুৰীয়া জীৱন যুৰীয়া
জনম বিফলে যায় ঐ
অʼ জনম বিফলে যায়।।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top