অ’ ভাৰতীৰে ! অ’ পৃথিৱীৰে !
স্বাধীনচিতীয়া দল
ভাৰতী স্বাধীন হ’ল ৷
ঘিট্ মিট্
এন্ধাৰ কঙ্কালসাৰ !
অতীত অন্ত হ’ল ৷
অতীত নাশি নৱ
জেউতি জিল্ মিলায় জল্-মল্ ৷৷
অগ্রদূত সৱে যাম আগুৱাই
তৰঙ্গ সম কৰি
কল্ কল্
পৃথিৱীৰ প্রগতিৰ
হকে আমি
পান কৰি দুখ
হলাহল ৷
সাম্যৰ মন্থন
পাতিব লাগিব
চূৰ্ণ কৰি শোষণ অনল
মুমূৰ্ষু জনতাই
নৱ চেতনাত
তোলক আনন্দৰ কোলাহল ৷
ভাৰতীৰ দৃষ্টি
ভাৰতীৰ কৃষ্টি
সকলো মহীয়ান হ’ল
মহামানৱৰ মহাবাণীয়েই
যাচে নিতে মহাবল৷
চিক্ মিক্
হাতীপটি বিপ্লৱী বাটটি
সন্মুখত পৰি ৰ’ল ৷
কৰাঁ অভিযান মহা অভিযান
জ্যোতিৰ সৃষ্টি অবিৰল
ৰূপ সৃষ্টি অবিৰল ৷
৷
ৰচনাকাল: ১৯৪৮ চন)