মই আহিছোঁ

মই আহিছোঁ.. মই আহিছোঁ.. মই আহিছোঁ
শত শ্বহীদৰ সপোনকে লৈ
শত শ্বহীদৰ সপোনকে লৈ
বাট, ঘাট, নদ, পাহাৰ.. পাৰ হৈ
বাট-ঘাট-নদ-পাহাৰ পাৰ হৈ
পৃথিৱীক আজি মুক্তিৰ গান
শুনামেই বুলি আহিছোঁ !
মই আহিছোঁ.. মই আহিছোঁ.. মই আহিছোঁ

আগৰতলাৰ শ্বহীদ শ্রমিক
মই ব্ৰজলাল অধিকাৰী
মোৰ কন্ঠেৰে গণ চেতনাৰ
গীত পৰে নিগৰি
শ্বানডিয়াগোৰ জো-হীল মই
শ্বানডিয়াগোৰ জো হীল মই
এমেৰিকাৰ পৰা আহিছোঁ
মই আহিছোঁ.. মই আহিছোঁ.. মই আহিছোঁ

মই মাৰ্টিন লুথাৰ কিং
মই জুলিয়াছ ফুছিক
পৰিবৰ্তনৰ বাটে বাটে
লৈ যাওঁ বুৰঞ্জীক ।
মই মাৰ্টিন লুথাৰ কিং
মই জুলিয়াছ ফুছিক
পৰিবৰ্তনৰ বাটে বাটে
লৈ যাওঁ বুৰঞ্জীক.।
বাংলাদেশৰ জাহিৰ ৰাইহান
আৰু আনোৱাৰ পাছা
ৰক্ত নদীৰে তুমি সাঁতুৰি
মোৰেই কাষতে আছা
ভিক্টৰ ঝাৰা জোচে মাৰ্তি মই !
ভিক্টৰ ঝাৰা জোচে মাৰ্তি মই
কিউবাৰ পৰা আহিছো
মই আহিছোঁ.. মই আহিছোঁ.. মই আহিছোঁ
শত শ্বহীদৰ সপোনকে লৈ
শত শ্বহীদৰ সপোনকে লৈ
বাট, ঘাট, নদ, পাহাৰ.. পাৰ হৈ !
বাট-ঘাট-নদ-পাহাৰ পাৰ হৈ
পৃথিৱীক আজি মুক্তিৰ গান
শুনামেই বুলি আহিছোঁ !
মই আহিছোঁ.. মই আহিছোঁ..
মই আহিছোঁ.. মই আহিছোঁ..
মই আহিছোঁ.. মই আহিছোঁ ৷৷

1 thought on “মই আহিছোঁ”

  1. Pingback: Ami Aschi | Full Lyrics | Bengali | আমি আচ্ছি - Bhupen Hazarika Lyrics Archive

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top