অগ্নিযুগৰ ফিৰিঙতি মই
নতুন অসম গঢ়িম।
সৰ্ব্বহাৰাৰ সৰ্ব্বস্ব
পুনৰ ফিৰাই আনিম
নতুন অসম গঢ়িম।
নৰ-কঙ্কালৰ অস্ত্ৰ সাজি
শোষণকাৰীক বধিম।
সৰ্ব্বহাৰাৰ সৰ্ব্বস্ব
পুনৰ ফিৰাই আনিম।
নতুন অসম গঢ়িম।
ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত।
জাতিৰ অহংকাৰ লয় পাব তাত।
অস্পৃশ্যতাৰ মহাদানৱক
আপোন হাতেৰে নাশিম।
নতুন অসম গঢ়িম।
হৰিজন, পাহাৰী, হিন্দু, মুছলিমৰ
বড়ো, কোঁচ, চুতীয়া, কছাৰী, আহোমৰ
অন্তৰ ভেদি মৌ বোৱাম
ভেদাভেদৰ প্ৰাচীৰ ভাঙি
সাম্যৰ সৰগ ৰচিম
নতুন অসম গঢ়িম।
(গীতটোৰ ”নতুন অসম গঢ়িম” শাৰীটো প্ৰথমতে হাজৰিকাদেৱে ”নতুন ভাৰত” বুলিহে লিখিছিল। )
ৰচনা কাল : ১৯৩৯
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨