প্ৰথম প্ৰহৰ ৰাত্ৰি ফুলি আছিল চম্পা ।
শুনা সখি শকুন্তলা তুলি বান্ধা খোপা।।
দ্বিতীয় প্ৰহৰ ৰাত্ৰি ফুলি আছিল তগৰ।
শুনা সখি ৰূপৱতী নধৰা জগৰ।।
তৃতীয় প্ৰহৰ ৰাত্ৰি ফুলিলে শেৱালি।
কেতেকীয়েও তোমাৰ হিয়াত দিলে পৰাগ ঢালি।।
আইদেউৰ গালৈকে চাবকে নোৱাৰি।
হীৰা কি মুকুতা জ্বলে ধৰিব নোৱাৰি।।
ষষ্ঠ প্ৰহৰ ৰাত্ৰি ফুলি আছিল যুতি।
তোমাৰ স্বামী দুষ্যন্তকে আজি কৰাঁ স্তুতি।।
ৰচনা কাল : ১৯৬১
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨