মানুহে মানুহৰ বাবে
যদিহে অকনো নেভাবে
অকনি সহানুভূতিৰে
ভাবিব কোনেনো কোৱা সমনীয়া?
মানুহে মানু্হক বেচিব খুজি
মানুহে মানুহক কিনিব খুজি
পূৰণি ইতিহাস দোহাৰিলে
ভুল জানো নহʼব
কোৱা — সমনীয়া?
দুৰ্বল মানুহে যদি
জীৱনৰ কোবাল নদী
পাৰ হয় তোমাৰে সাহত
তুমি হেৰুৱাবানো কি?
মানুহ যদিহে নহয় মানুহ
দানৱ কাহানিও নহয় মানুহ
যদি দানৱ কাহানিবা হয় মানুহ
লাজ পাব কোনেনো কোৱা সমনীয়া?
ৰচনা কাল : ১৯৬০
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨