আতঙ্কবাদ হুঁচিয়াৰ


আতঙ্ক ঘোৰ আতঙ্ক
আতঙ্কবাদ হুঁচিয়াৰ
সূৰ্য্যলোকত উজলিছে
শান্তি সমাহাৰ।।

অজস্ৰ জীৱন হ’ল যে নিধন
কত বোৱাৰীয়ে হেৰুৱালে স্বজন
যুগ যুগ ধৰি আমি আক্ৰান্ত
তথাপি নহওঁ আমি ৰণক্লান্ত।

আমি জানো, সেই অপশক্তিক
তোমাক যোগাই যি গোপনে সহায়
শত কোটি দৃঢ় ভাৰতীয়ই
তোমাক কৰিব অসহায়।

আত্মহত্যা অপমৃত্যু
আত্মঘাতী উদ্দেশ্য
আনৰ মৃত্যু, আনি নিষ্ঠুৰভাৱে
কৰিছাঁ অট্টহাস্য।

সত্যম শিৱম সুন্দৰম

বসুধৈৱ্য কুটুম্বকম
আমাৰ ভাৰতীয় মন্ত্ৰ–
আতঙ্কবাদে নোৱাৰে ৰুধিব
মানৱতাবাদ–গণতন্ত্ৰ।

ৰচনা কাল :২০০২

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top