প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক

প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক-

: ‘তোমাৰ প্ৰাপ্য কি কোৱা ?’
মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে কʼলো –
: ‘তোমাৰ শক্তিখিনি দিয়াঁ।’
বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি কʼলে –
:’তোমাৰ কাম্য কি কোৱাঁ ?’
মই কʼলোঁ ব্ৰজক, তোমাৰ শক্তিশালী
উদাত্ত কণ্ঠটি দিয়াঁ।
এদিন আকাশে কʼলে : ‘জনৈক গীতিকাৰে
অকণি আকাশ দেখোঁ মাগে ।’
তুমি কিয় আজি বাৰু
কম্পিত কণ্ঠেৰে
মাগিছাঁ সৰ্বাকাশ সত্তা ?
মই কʼলোঁ, ‘তুমিয়েতে কৈছিলাঁ ৰাতিপুৱা
যিমানে বিলাই দিবা, সিমানে মহান হʼবা,
তাৰে নাম সঁচা উদাৰতা।
সেয়েহে আকাশ তুমি
দিব যদি খুজিছাঁই
সংকীৰ্ণতা এৰি
দিয়াঁ অৱদান ৰূপে
তোমাৰ পূৰ্ণ বিশালতা,
দিয়া যদি আজিয়েই দিয়াঁ।’
মহাকাশে দিলে মোক বিশাল দৃষ্টি
আৰু ধুমুহাই প্ৰচণ্ড শক্তি
বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ
আৰু দিলে সাহসৰ যুক্তি
বজ্ৰৰ কণ্ঠেৰে, ধুমুহাৰ শক্তিৰে
গীত গাই কঁপাম দিগন্ত।
দানৱৰ সমাজতো গাম মানৱৰে গীত
কলিজাৰ সঁচা সুৰ-সিক্ত।
মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ
কিঞ্চিতো যদি দিব পাৰোঁ
আকাশ
ধুমুহা
আৰু বজ্ৰক
তাৰ বাবে
শতবাৰ প্ৰণিপাত কৰোঁ।

ৰচনা কাল : ১৯৬৬

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top