আজি ব্রহ্মপুত্র হ’ল বহ্নিমান

 
কথা :- মহা মিলনৰ তীৰ্থ এই ব্রহ্মপুত্র
আজি বহ্নিমান কিয়?
 
আজি ব্রহ্মপুত্র হ’ল বহ্নিমান !
 মনৰ দিগন্তত ধোঁৱা উৰে,
আকাশত পপীয়া তৰা ঘূৰে
পদে পদে কৰে কাক অপমান?
আজি ব্রহ্মপুত্র হ’ল বহ্নিমান!

 এই বহ্নি নহয় শ্যামলী বনৰ
বহ্নি ক্রোধান্বিত লক্ষ মনৰ
পুঞ্জীভূত নোপোৱাৰ বেদনা
আগ্নেয়গিৰি সমান।
আজি ব্রহ্মপুত্র হ’ল বহ্নিমান

 সমদলৰ পদধ্বনি
আবাল-বৃদ্ধ,বনিতাৰ
স্ব-নিৰাপত্তা লক্ষ্য
 আৰু আনকো জীয়াই ৰখাৰ
সহস্রজনৰ সাহস দেখি
পৃথিবী কম্পমান ।
আজি ব্রহ্মপুত্র হ’ল বহ্নিমান !

 সৌৱা বজ্র নিনাদৰ প্রতিধ্বনি
ভৈয়ামে-পৰ্বতে বাজে
সংগ্রামী সুস্থ প্রকাশ
বলিষ্ঠ সংযম মাজে ;
প্রচণ্ড অৱহেলা এইবাৰ নাশিবই
জীৱনকো কৰি বলিদান ।
আজি ব্রহ্মপুত্র হ’ল বহ্নিমান !

 ৰচনা কাল : ১৯৭৯

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top