শৰত কালৰ ৰাত্ৰি অতি বিতোপন সখী
ৰাস ক্ৰীড়া কৰত গোপাল
অখণ্ড মণ্ডল শশী দেখিলন্ত প্ৰাণ সখী
টলমল যমুনাৰ জল।
কৃষ্ণদেৱ দামোদৰ হৰি
পাপী নাই আমাৰ পৰ;
দয়া নাই তোমাৰ সমানে হেʼ ৰাম ৰাম।
প্ৰসন্ন বদন কমললোচন
মুখে মনোহৰ হাঁসি
নাসা তিলফুল অধৰ ৰাতুল
আনন্দে বজায় বাঁহী।
অখণ্ড মণ্ডল চন্দ্ৰ দেখিলন্ত হৰি
কুম কুম অৰুণ ৰশ্মি মুখে পদ্ম কৰি।
ৰাম কৰে বাস কেলি গোপাল গোপী সঙ্গে
হৰি বোলাঁ হৰি বোলাঁ নিৰন্তৰে ৰঙ্গে।
গোপাল কৃষ্ণ কৰহু ত্ৰাণ
তুমি গোপিনীৰ জীৱন প্ৰাণ।
মোহন বংশীধাৰী এ
বিপিনবিহাৰী
অʼ গোপীক চলিব মনে
শৰতৰ নিশা এ যমুনাৰ তীৰে
অʼ কেলি কৰে বৃন্দাবনে।
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨