শীতৰে সেমেকা ৰাতি

শীতৰে সেমেকা ৰাতি
শীতৰে সেমেকা ৰাতি
সেমেকা শীতৰে ৰাতি
শীতৰে সেমেকা ৰাতি ।

বস্ত্রবিহীন কোনো খেতিয়কৰ
ভাগি পৰা পঁজাটিৰ
তুঁহ জুই একুৰাৰ
উমি উমি জ্বলি থকা
ৰক্তিম যেন এটি উত্তাপ হওঁ ।।
ৰক্তিম যেন এটি উত্তাপ হওঁ ।।
ৰক্তিম যেন এটি উত্তাপ হওঁ ।।

শীতৰে সেমেকা ৰাতি
শীতৰে সেমেকা ৰাতি
সেমেকা সেমেকা ৰাতি
শীতৰে সেমেকা ৰাতি।

খাদ্যবিহীন কোনো দিন-মজুৰৰ
প্রাণতে লুকাই থকা
ক্ষুধা-অগনিৰ
হঠাতে ভমকি উঠা
প্রচণ্ড যেন এটি প্রতাপ হওঁ
প্রতাপ হওঁ মই প্রতাপ হওঁ ।।
প্রচণ্ড যেন এটি প্রতাপ হওঁ ।।
প্রচণ্ড যেন এটি প্রতাপ হওঁ ।।

শীতৰে সেমেকা ৰাতি
শীতৰে সেমেকা ৰাতি
শীতৰে সেমেকা ৰাতি
শীতৰে সেমেকা ৰাতি
সংখ্যালঘু কোনো সম্প্রদায়ৰ
সংখ্যালঘু কোনো সম্প্রদায়ৰ
ভয়ার্ত মনটিৰ
নুফুটা আর্তনাদ
নিজেই প্রকাশ কৰি
মিঠা যেন এটি নিৰাপত্তা হওঁ
নিৰাপত্তা হওঁ ,নিৰাপত্তা হওঁ ।

শীতৰে সেমেকা ৰাতি
কণ্ঠৰুদ্ধ কোনো সুগায়কৰ
কণ্ঠৰুদ্ধ কোনো সুগায়কৰ
প্রভাত আনিব পৰা
অথচ নোগোৱা এটি
অমৰ গীতৰ বাবে
মই যেন এটি সুধাকণ্ঠ হওঁ
সুধাকণ্ঠ হওঁ , সুধাকণ্ঠ হওঁ
মই যেন এটি সুধাকণ্ঠ হওঁ ।।
মই যেন এটি সুধাকণ্ঠ হওঁ ।।

ৰচনা কাল : ১৯৬৯

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top