মই যেন আজীৱন

কথা: মই যেন আজীৱন উৰণীয়া মৌ
       জিৰাবৰ নাই তৰু-তৃণ
গীত: মই যেন আজীৱন উৰণীয়া মৌ
       জিৰাবৰ নাই তৰু তৃণ
       জিৰণীয়া মৌ দেখি
       ভাবোঁ একোদিন
       মই কিয় ঠিকনাবিহীন।
       ঠিকনাবিহীন।।
 
কত ৰস চুহিলোঁ অভিজাত কুসুমৰ
বনফুলে যাচিলে ভঁৰাল ৰসৰ,
তিতা ৰসো গোটালোঁ মিঠা বুলি
তোমাৰ ৰূপৰ ৰস তুলনাবিহীন,
তুলনাবিহীন।।
 
মই বাৰু উৰণীয়া মৌৱেই হ’লোঁ
মোৰ জানো জিৰাবৰ নাই অধিকাৰ,
জিৰণি লওঁ যদি তোমাৰ তৃণত
নেজানো ক্ষতি কি হয় কাৰোবাৰ!
 
এদিন কৈছিলাঁ মোৰ হ’বা শেষ ঠিকনা
সঁচা নকৰিলা সেই কল্পনা,
সঞ্চিত মৌ ধৰাত ছটিয়াই
উৰি উৰি হৈ যাম জ্যোতিতে বিলীন।
জ্যোতিতে বিলীন।।

ৰচনা কাল : ১৯৭৫

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top