মই যেতিয়া এই জীৱনৰ
মায়া এৰি গুচি যাম,
আশা কৰোঁ মোৰ চিতাৰ কাষত
তোমাৰ সঁহাৰি পাম।
নালাগে মোৰ সোঁৱৰণী সভা
নালাগে মিছা নাম
তোমাৰ এটুপি চকুলো পালেই
মই পাম মোৰ দাম।।
সমূহৰ বাবে গীত গাই গাই
তোমাক পাহৰি গʼলোঁ
সেয়েহে হ’বলা ভৰ জীৱনতে
তোমাকো হেৰুৱালোঁ।
এই ক্ষোভে মোক দহিছে আজিও
শান্তি ক’তেনো পাম
তোমাৰ এটুপি চকুলো পালেই
মই পাম মোৰ দাম
মোৰ জীৱনৰ সংগ্ৰামখিনি
মই ফঁহিয়াই চালে পাম
তুমি নিদিয়া মৰমখিনিতে
আছিল সৰগী ধাম।
এই সৰগী ধামখনি মই
তোমাৰ বুকুতে পাম
তোমাৰ এটুপি চকুলো পালেই
মই পাম মোৰ দাম।
ৰচনা কাল — ১৯৭৮
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨