মই অথায় জলধিৰ

মই অথায় জলধিৰ মাজলৈ
  আহিলোঁ সাঁতুৰি
দূৰ দূৰণিত দুপাৰ এৰি
  খাইছোঁ হাবাথুৰি
মই অথায় জলধিৰ মাজলৈ
  আহিলোঁ সাতুৰি।
 এটি পাৰে অহঙ্কাৰ স্বাৰ্থপৰতাৰ
 চৌদিশে প্ৰস্তুতি মাথোঁ মৃত্যু অনাৰ
 অন্য পাৰৰ দিগন্ততে
কিৰণ পৰে সৰি
মই অথায় জলধিৰ মাজলৈ
আহিলোঁ সাঁতুৰি।।


মৰম জীৱন লহৰলীলা
শূন্যতে হয় লীন
সপোনতো নাই শঙ্কা মাথোঁ
শান্তিবিহীন।
মন সাগৰৰ পাৰে পাৰে
সাজোঁ মথাউৰি
আশাৰ প্ৰদীপ জ্বলাই কোন
পথিক আহে ঘূৰি
চিনিও নিচিনো দেখোঁ
পৰিলোঁ ভাগৰি
মই অথায় জলধিৰ
মাজলৈ আহিলোঁ সাঁতুৰি।।

ৰচনা কাল – ১৯৯০

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top