ৰুদ্ধ কাৰাৰ দুৱাৰ

ৰুদ্ধ কাৰাৰ দুৱাৰ ভাঙি
যʼত জ্যোতিয়ে নিতৌ নাচে
তাত কণ্ঠৰে মোৰ দিম অঞ্জলি
সুৰে মোৰ সাজোন কাচে।
জীৰ্ণ সমাজৰ বন্ধনে মোক
বিষাক্ত বাষ্পহে যাচে
প্ৰাচীৰ ভঙা দুৰ্বাৰ গতিয়ে
পূৰ্ণ মানৱতা যাচে।
মুক্ত বায়ু মোৰ প্ৰাপ্য
যʼত সামুহিক জীৱনৰ উৎস আছে
পৰাজয় নিৰাশাৰ সমাধি ভেটিত
আশাই কবিতা ৰচে।।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top