ৰক্ষা কৰা মোক কৰা ৰক্ষা

ৰক্ষা কৰা, মোক কৰা ৰক্ষা
অলিয়ে গলিয়ে নিতে হেজাৰে বিনায়
কালৰূপী যক্ষ্মই মৰা সূঁতি সাজি দিয়ে
বক্ষৰ লুইতখনি বাৰিষা শুকায়।
এন্ধাৰ পঁজাত মুমূ্ৰ্ষু জীৱনৰ
বন্তি নুমায় নুমায়
ক্ষয়ৰোগ বেশেৰে মৃত্যুৱে হাঁহি মাৰি
নিষ্ঠুৰ ধেমালি চায়।
আজি ৰোগাক্ৰান্তই বিজ্ঞান আঁচলৰ
নতুন বা ছাটি পায়
সুন্দৰ স্বাস্থ্যৰ সমাজ সূচনা হওক
মৰণৰ হওক পৰাজয়
(যʼত) মুক্ত বায়ুৱে মাটিৰ মানুহক
জীৱন বসন্ত বিলায়।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top