লুইতপৰীয়া ডেকা বন্ধু


লুইতপৰীয়া ডেকা বন্ধু
তোমাৰ তুলনা নাই
জীয়াই থকাৰ য়ুঁজত নামিছা
মৃত্য়ু শপতে খাই।

পুৰণি পুৰুষে হাত সাৱটি
বহুতো হেৰুৱালে
উদাৰতাক শতৰুৱে
দুৰ্বলতা বুলি ল’লে।
আজি বজ্ৰৰ দৰে গৰ্জন কৰি
শতৰুক ওফৰাই;
জীয়াই থকাৰ যুঁজত নামিছাঁ
মৃত্যু শপতে খাই।

তোমাৰ পৱিত্ৰ সাহত কলঙ্ক
সানোতা যিসৱ আছে
(চোঁৱা) এটি এটিকৈ লাজতে সিঁহতে
নিজৰ সমাধি ৰচে
লুইতে আজি ফেনে ফোটোকাৰে
তীব্ৰ বেগেৰে ব’লে
তোমাৰ সাহৰ জোৱাৰ দেখি
নত শিৰে প্ৰণামিলে
পৃথিৱীয়ে আজি তোমাৰ পিনে
ডিঙি মেলি মেলি চায়।
জীয়াই থকাৰ যুঁজত নামিছাঁ
মৃত্যু শপতে খাই।

ৰচনা কাল : ১৯৮০

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top