সোঁৱৰণী মোৰ ৰাঙলী জীৱন

সোঁৱৰণী (মোৰ)
ৰাঙলী জীৱন
সোঁৱৰণী মোৰ
ৰাঙলী জীৱনৰ ৰংবোৰ কেনিবা গʼল।
পাহৰণি এন্ধাৰত ধুনীয়া অতীতৰ
জীৱন্ত সমাধি হʼল।।
মনৰে আঁতবোৰ
কেনি হেৰুৱালোঁ
ভাষাৰে পখিলী
কেনি উৰুৱালোঁ
বহু দূৰ আঁতৰি গʼল
উভতি নোচোৱা হʼল।।
হাতীপটি ভাগি পৰিল
আকাশত অগনি জ্বলিল
সূৰুযৰ চকুলো সৰিল
পাহৰণি–।।
পাহৰা দিনৰে,
কত পম খেদিলোঁ
গভীৰ নিৰাশাত লুইতৰ বুৰিলোঁ
উশাহ নোহোৱা হʼল
সুৰবোৰ কেনিবা গʼল।।
 

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top