সুধাকন্ঠৰ দ্বাৰা ৰচিত অন্তিমটো গীত (নিজৰাপাৰ, ২০০৭ চন)
আকাশ সাৱটি নামিলোঁ সাগৰত
বুকুত কঢ়িয়ালোঁ আগ্নেয়গিৰি ৷
শব্দৰ বৰষুণে ধৰিলে সাবটি
কন্ঠত সুৰৰ অনন্ত সুঁহুৰি ৷৷
অন্তহীন তৃষাৰে ঘুৰিলোঁ- ফুৰিলোঁ
খুলি দিলোঁ মোৰ জীৱন সঁফুৰা ৷
নাজানো এতিয়া স্মৃতিৰ নিজৰা ৷৷
নাজানো কিমাননো কান্দিলোঁ- হাঁহিলোঁ
সকলো এতিয়া স্মৃতিৰ নিজৰা ৷
প্রমৰ বন্যাই মই ধুৱালোঁ তোমাক
হে’ মোৰ মৰমৰ বিশ্লেষণদাতা ৷
আবেলিৰ বেলিত আহি দেখিলোঁ তোমাক
তুমি মোৰ হেঁপাহৰ জীৱনশ্রোতা ৷৷
