ঘৰ ঘৰ বুলি খাওঁ হাবাথুৰি


ঘৰ ঘৰ বুলি খাওঁ হাবাথুৰি
আঁচনি কম্পমান
তথাপি কিয় কৰি আছোঁ মই
বালিঘৰ নিৰ্মাণ

শূণ্য শূণ্য এই জীৱন
নাই নাই মান অভিমান
নাই স্নেহ নাই মান
 তথাপি কিয় জীয়াই থকাৰ
সদা শুনো আহ্বান?

নিৰাশ সাগৰ মৌন প্ৰকাশ
তৰংগও নিষ্প্ৰাণ
তথাপি যেন দিগন্তত শুনো
নতুনৰ কলতান

অনন্ত মৰু, তপ্ত চিন্তা
মৰীচিকা থান-বান
তথাপি তাতেই দেখিছোঁ ৰিণিকি
জীৱন জ্যোতিষ্মান।
সেয়েহে কিজানি কৰি আছোঁ মই
বালিঘৰ নিৰ্মাণ?

ৰচনা কাল : ১৯৭৮

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top