চিয়াঙৰে গালং

চিয়াঙৰে গালং

লৌহিতৰে খামটি

টিৰাপৰে ৱাংঞ্চুৱে

মোক কিয় মাতিছে ?

অসমীৰে পদূলি

উদুলি যে মুদুলি

মৰম চেনেহৰে হাট বহিছে

আপাটানী ভনিটী

ধৰিলোঁ সাৱটি

পেছৰূপে নিলে মোক

আথে-বেথে মাতি

ক’লে আজি কিয় ৰঙৰে চকুলো সৰিছে ?

অ’ পাহাৰৰে তলিতে

ভৈয়ামৰে সীমাতে

চিনাকি চিনাকি

কি সবাহ বহিছে ?

মনপা ককাইটি

ধৰিলোঁ সাৱটি

বিনিময়ত তেওঁ দিলে

পুত্ৰৰে মুৰুতি

ক’লে যুগ যুগৰ মিতিৰালিৰ

ধ্বজা উৰিছে

অ’ বহুদিনে নেদেখা

পদম ইদু নক্টেই

আহ বুলি হিয়াৰে

আপং যাচিছে

একতাৰে বেহা কৰি ভাবিলো বহতো

উভতিয়ে চাই দেখো আহিছে সি ঁহটো

ৰিণিয়াই ক’লে মোক

কিছুবেলি ৰ’বি

উভতি গৈ তই অসমীকে ক’বি

আজি পাহাৰে ভৈয়ামৰে কলিজা চিনিছে

অ’ চৰ্দুপ নৰ্দাং চাই

অঁকা আৰু বড়িয়ে

চেনেহ এনাজৰীৰে বাটি কাঢ়িছে

চিয়াঙৰে গালং

লৌহিতৰে খামটি

টিৰাপৰে ৱাংছুৱে

মোক কিয় মাতিছে ?

অসমীৰে পদূলি

উদুলি যে মুদুলি

মৰম চেনেহৰে হাট বহিছে

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top