কাৰোবাৰ দুনয়ন সৰগত তৰা যেন লাগে
নেজানো মোৰ কি যে হʼল !
মৰমৰ সাগৰত সাঁতোৰাৰ হেপাহ জাগে
কোন দেৱী বাউলী হʼল ।।
জোনৰ কামনাত জোনাক সৰিলে
ফুলৰ বাসনাত ভোমোৰা উৰিলে
মিলনৰ বাসনাত বুকু হম হম্ কৰে
নেজানো মোৰ কি যে হʼল ।
কোনোবা ৰূপহীৰ মৰমী চাৱনি
লাজুকি লতাৰে লাজ যেন শুৱনি
কলিজাই লগৰী বিচাৰি ফুৰে
নেজানো কাৰ কি যে হʼল
ৰাগিণীৰপৰা জানো কীতিকাৰ পলাব পাৰে
নেজানো মোৰ কি যে হʼল ।
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨