অʼ মোৰ ভৈয়াই

অʼ মোৰ ভৈয়াই, অʼ মোৰ ভনীটি
পুৰণি অসমৰ আকাশখনিত
গৌৰৱৰ পোহৰ ঐ ৰমকে-জমকে
সোণালী সৰু-বৰ তৰা জিলিকে
লাৱনি মিচিকি হাঁহিটি চমকে
হায় হায় হায় হায় আজি নাই।

সিখন আকাশত কলীয়া ডাৱৰে
চাৰিওফালকে আৱৰি ধৰিলে
পোহৰ জিলিকনি নোহোৱা কৰিলে
হায় হায় হায়, হায় আজি নাই।

পুৰণি মূলাৰে শাহ নাইকিয়া
ৰাধিকা জয়াৰে ধৰম বিনন্দীয়া
নোহোৱা কৰিলে কিহে?
শৰাইঘাটতে শতৰুক খেদিলে
লাচিতৰ হেংদান পিছলি পৰিলে
ধৰোঁতা নৰʼলে কোনো মোৰ ভৈয়াই ঐ
ধৰোঁতা নৰʼলে কোনো।।

ৰচনা কাল : ১৯৪৬

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top