তোম্‌ৰা গেইলে কি আসিবেন

তোম্‌ৰা, গেইলে কি আসিবেন
মোৰ মাহুত বন্ধুৰে ?

আৰে, গেইলে কি আসিবেন
মোৰ মাহুত বন্ধুৰে ?

হস্তীৰ নড়ান, হস্তীৰ চড়াণ
হস্তীৰ গলায় দড়ী
আৰে, সত্য কৰিয়া ক’নৰে মাহুত
কোন বা দেশে বাড়ী ৰে?

হস্তীৰ নডাণ, হস্তীৰ চড়াণ
হস্তীৰ পাৱে বেড়ী

আৰে,সত্য কৰিয়া কইলং কথা
গৌৰীপুৰে বাড়ী ৰে।

খট খুট মাহুত ৰে তোৰ
গালে চাপা দাড়ী
আৰে সত্য কৰিয়া ক’নৰে মাহুত
ঘৰে কযজন নাৰী ৰে?

হস্তীৰ নড়াণ, হস্তীৰ চড়াণ
চম্পা নদীৰ পাৰে
আৰে সত্য কৰিয়া কইলুং তোমাক
বিয়া হয় নাই মোৰে ৰে।

(গোৱালপাৰীয়া লোকগীত)

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top