উপেদ্দি যায় উৰাণ জাহাজ

হে উপেদ্দি যায় উৰাণ জাহাজ তাৰো‌‌ দুখান পাখা,
মোকে লেগি আনি দিয়া হাতী দাঁতৰ শাখা।

হে উপেদ্দি যায় উৰাণ জাহাজ তাৰো‌ দুখান পাখা,
মোকে লেগি আনি দিয়া হাতী দাঁতৰ শাখা ।

হে ইখান গোলাত গেলো কইনা সিখান গোলাত গেলো,
তোমাৰ হাতৰ শাখা আৰু বিচেৰি নাপালোঁ।

দুৰৈকৈ পুখুৰী….
দুৰৈকৈ পুখুৰী খনালা পিতাদেৱ…ঐ ৰাম
বন্ধালা সেন্দুৰী আলি হে…

সেন্দুৰী আলিতে চলিব নোৱাৰে…ঐ ৰাম
সোণৰ খৰিকা যেন ভৰি হে…

হে উপেদ্দি যায় উৰাণ জাহাজ তাৰো‌‌ দুখান পাখা,
মোকে লেগি আনি দিয়া হাতী দাঁতৰ শাখা।

ইখান গোলাত গেলো কইনা সিখান গোলাত গেলো,
তোমাৰ হাতৰ শাখা আৰু বিচেৰি নাপালোঁ।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top